WordPress.org

অসমীয়া

আদৰিছোঁ

ৱৰ্ডপ্ৰেছৰ আনুষ্ঠানিক (official) অসমীয়া স্থানীয়কৰণৰ তথ্য-পাতি, উন্নয়নবাৰ্তা (updates) বিনিময়ৰ বাবে এই চাইট।

ৱৰ্ডপ্ৰেছ হৈছে অতি জনপ্ৰিয় স্তেত-অৱ-দি-আৰ্ত ব্যক্তিগত প্ৰকাশন মঞ্চ আৰু কনতেন্ত মেনেজমেন্ত চিস্তেম (CMS)। সৌন্দৰ্য, ব্যৱহাৰযোগ্যতা আৰু সহজবোধ্যতাৰ ফালৰ পৰা ৱৰ্ডপ্ৰেছ হৈছে অনন্য আৰু অমূল্য।

অমূল্যতো হয়েই ই বিনামূলীয়াও! :)

ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণ (অনুবাদ)ত আপুনিও অৰিহণা আগবঢ়াব পাৰে। ইয়াৰ জৰিয়তে ইণ্টাৰনেটৰ জগতত অসমীয়াৰ সবল স্থিতিত আপোনাৰ অৱদান উল্লেখনীয় হৈ ৰ’ব। অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

প্ৰদৰ্শনী

প্ৰতিষ্ঠাপন (Install)

ৱৰ্ডপ্ৰেছৰ বিখ্যাত ৫ মিনিট প্ৰতিষ্ঠাপন প্ৰক্ৰিয়াৰ বিষয়ে জানিবলৈ ইয়ালৈ যাওক: Easy 5 Minute WordPress Installation on Windows

‘অসমীয়া’ কেনেকৈ যোগ কৰিব, ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণ সম্পূৰ্ণ হোৱাৰ পিছত সেই বিষয়ে জনোৱা হ’ব।

ব্লগ

অসমীয়া ৱৰ্ডপ্ৰেছ ৯৩%

ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণ ইতিমধ্যে ৯৩% সম্পূৰ্ণ হৈছে। আশা কৰা হৈছে নতুন বছৰৰ প্ৰথম মাহৰ ভিতৰতে ই আৰু অংগাগী কাষৰীয়া প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। আপোনালোকৰ সহযোগিতা কাম্য।

আহি আছে অসমীয়া ৱৰ্ডপ্ৰেছ

ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণৰ কাম আৰম্ভ হৈছে। এই প্ৰকল্পত আপুনিও অংশগ্ৰহণ কৰিব পাৰে। কেনেকৈ জানিবলৈ ‘অৱদান আগবঢ়াওক‘ত ক্লিক কৰক।

Categories

ব্লগ ভঁৰাল