ব্লকবোৰ
ব্লকৰ উপাদানবোৰ। কোনো ক’ড নালাগে। মাথোঁ ক্লিক কৰি বিষয়বস্তু সুমুৱাওক।

সীমা নোহোৱাকৈ সাজক
ৱেবৰ ভালেমান অংশক শক্তি প্ৰদান কৰা প্ৰযুক্তি শিকাটো ইমান সহজ কেতিয়াও নাছিল। ব্লকবোৰে আপোনাক যিকোনো বিষয়বস্তুৰ সৈতে দৃশ্যগতভাৱে ইণ্টাৰেক্ট কৰিবলৈ দিয়ে, ক’ডৰ সৈতে বা ক’ড অবিহনে—যি চহকী লে’আউট, ইণ্টাৰেক্টীভ অনব’ৰ্ডিং আৰু অসীম সম্প্ৰসাৰণযোগ্যতাক প্ৰবল কৰি তোলে। ডিজাইনৰ বাবে যিমান শক্তিশালী, বিকাশৰ বাবেও সিমানেই শক্তিশালী, কিন্তু তথাপিও নৱাগতৰ বাবে যথেষ্ট সহজজ্ঞেয়।

দফা

শিৰোনামা

মিডিয়া

ছবি

ভিডিঅ’

অডিঅ’

স্তম্ভ

ফাইল
WordPress-ৰ গোপন ক্ষমতা
ব্লকবোৰ হৈছে WordPress-ৰ দৃশ্যগত ভেটি আৰু আপোনাৰ ছাইটৰ প্ৰতিটো অংশৰ সৃষ্টি আৰু পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। এইবোৰ আপুনি ভবাতকৈও সহজ। কোনো ব্লক কেনেকৈ সম্পাদনা কৰিব লাগে সেইটো শিকি লওক আৰু গোটেই WordPress কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপুনি সেয়াও শিকি যাব—ক’ড লিখাৰ প্ৰয়োজন নোহোৱাকৈ। অনুপ্ৰেৰণাৰ বাবে, আনে WordPress-ৰ সৈতে কি কি কৰিছে সেয়া প্ৰদৰ্শনীত চাই লওক।

সম্পূৰ্ণ সৃষ্টিশীল নিয়ন্ত্ৰণ
WordPress এডিটৰ হৈছে আপোনাৰ ব্লকবোৰ এক দৃশ্যগত কেনভাছত সন্নিৱিষ্ট, ৰূপান্তৰ, শৈলী নিৰ্ধাৰণ আৰু ইফালে-সিফালে স্থানান্তৰ কৰিবলৈ ডিফ’ল্ট উপায়, এক সহজ-সৰল ড্ৰেগ-এণ্ড-ড্ৰপ ইণ্টাৰফে’চৰ কৃপাত।
registerBlockType( 'your-first-block/hello-world', {
edit: function () {
return <p>Hello world (from the editor)</p>;
},
save: function () {
return <p>Hello world (from the frontend)</p>;
},
} );
নমস্কাৰ জগত (এডিটৰৰ পৰা)
নিজা সৃষ্টি কৰক
আপুনি আপোনাৰ প্ৰয়োজনৰ সৈতে মিলা কোনো ব্লক বিচাৰি নাপালে নিজা সৃষ্টি কৰি লওক। ব্লকৰ সৃষ্টি কৰাটো এটা React উপাদান গঢ়াৰ দৰেই সহজ। ততালিকে সৃষ্টি কৰা আৰম্ভ কৰিবলৈ @wordpress/create-block পেকেজটো ব্যৱহাৰ কৰক।
ব্লকবোৰৰ ক্ষেত্ৰত নতুন কি আছে— চাওক
WordPress-ৰ শেহতীয়া প্ৰধান সংস্কৰণত এনে কিছুমান আপডে’ট অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে আপুনি ব্যৱহাৰ কৰা ব্লকবোৰ উন্নত কৰিব পাৰে আৰু আপোনাৰ সামগ্ৰিক ছাইট-নিৰ্মাণৰ অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে। বৰ্তমানৰ উন্মোচনত কি কি সুবিধা উপলব্ধ সেইবিষয়ে অধিক বিৱৰণ লাভ কৰক।

আৰম্ভণি মাথোঁ
ব্লকবোৰ নিজেই শক্তিশালী হ’লেও এইবোৰ আৰু ডাঙৰ কিবা এটাৰ অংশও আৰু বিভিন্ন ধৰণে সংযুক্ত বা মোতায়েন কৰিব পাৰি। এক একত্ৰিত আৰু মুকলি বাক্যবিন্যাস হিচাপে এইবোৰ এডিটৰ, ব্ৰাউজাৰ, আনকি AI-এও সহজে বুজিব পাৰে। গতিকে যিয়েই সম্পাদনা নকৰক কিয়, তেওঁ স্পন্দনশীল, ব্যক্তিগতকৃত ডিজাইন আৰু অভিজ্ঞতা দ্ৰুতভাৱে গঢ় দিয়াটো সহজ পাব।